আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত হৈছে। ভার্জিনিয়াৰ ছিনেটলৈ কান্নান শ্ৰীনিৱাসন নির্বাচিত হোৱাৰ লগতে জে জে সিং হাউচ অৱ ডেলিগেটছলৈ নিৰ্বাচিত হৈছে। শ্ৰীনিৱাসন ইয়াৰ পূৰ্বে ২০২৩ চনত ভার্জিনিয়া হাউচলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ বিপৰীতে জে জে সিঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত হোৱাইট হাউচত ব্যৱস্থাপনা আৰু বাজেট বিভাগত কৰ্মৰত আছিল। উল্লেখযোগ্য যে, যোৱা বছৰৰ ৫ নৱেম্বৰত ভার্জিনিয়াত সাধাৰণ নিৰ্বাচন অনষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত ডোনাল্ড ট্রাম্পে জয়লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই বিশেষ নির্বাচনত ডেমোক্রেটছ দলে এই দুখন গুৰুত্বপূৰ্ণ আসন লাভ কৰিবলৈ সমৰ্থ হয়।
Assamese | January 8, 2025 8:26 PM | Akashvani News | America | USA
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত