কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে। ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আজি ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰীও আৰম্ভ হৈছে। পুৱা চাৰে ৭ বজাৰ পৰা ১০ বজালৈ আৰু দিনৰ ডেৰ বজাৰ পৰা ৩ বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰেই এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হ’ব বুলি আশা কৰা হৈছে।
Assamese | October 3, 2026 11:50 AM | Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পুনৰ পৰ্যটকৰ বাবে মুকলি