দেশজুৰি কালিৰে পৰা ৮ অক্টোবৰলৈ ৰাষ্ট্ৰীয় বন্যপ্রাণী সপ্তাহ উপলক্ষে ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত ৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ কাৰ্যসূচী মুকলি কৰে। হস্তী পূজনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তা লৈ চিৰিয়াখানাৰ বিষয়া কৰ্মচাৰীসকলে পবিতৰা অভয়াৰণ্যলৈ সজাগতামূলক মটৰচাইকেল সমদল উলিয়াই। বন মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত চলি থকা নিৰ্মাণ আৰু সংস্কাৰমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে প্রায় ৩৪০ কোটি টকা ব্যয়েৰে ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
৮ অক্টোবৰলৈ চলিবলগীয়া এই সপ্তাহজোৰা অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব।