বিশ্ব বাণিজ্যত দেখা দিয়া অনিয়ম আৰু বিশৃংখলাসমূহ দূৰ কৰাৰ উদ্দেশ্যে বিশ্ব বাণিজ্য সংস্থা WTO-ৰ নীতি-নিৰ্দেশনা অনুসৰি পদক্ষেপ গ্রহণৰ বাবে ভাৰতে আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলৱাকী চহৰত অনুষ্ঠিত জি-২০ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অন্তিম দিনা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে এই সন্দৰ্ভত কয় যে, কিছুমান দেশৰ অৰ্থনীতিত চৰকাৰে আগবঢ়োৱা অনিয়মীয়া ৰাজসাহায্যই বিশ্ব বজাৰৰ স্বাভাৱিক বাণিজ্যিক ব্যৱস্থা ব্যাহত কৰে। এনে উদ্বেগসমূহ সস্তীয়া সামগ্ৰীৰ অনৈতিক বিক্ৰী বিৰোধী নীতি আৰু আইনী পৰ্যালোচনাৰ যোগেদি সমাধান কৰা উচিত বুলি তেওঁ উল্লেখ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰত সম্প্ৰতি বিশ্বৰ ভিতৰতে দ্ৰুততম গতিত বিকাশ লাভ কৰা বৃহৎ অর্থনীতি, যিয়ে দেশৰ ১৪০ কোটি জনসাধাৰণৰ চাহিদা সফলভাৱে পূৰণ কৰি আহিছে। বিশ্বৰ যোগান শৃংখলাত ভাৰত নিৰ্ভৰযোগ্য অংশীদাৰ হৈ পৰা অভিহিত কৰি তেওঁ কয় যে বিশ্ব বাণিজ্য সংস্থাৰ মূল নীতিৰ আধাৰত এটা স্বচ্ছ, নিয়মভিত্তিক আৰু নিৰপেক্ষ বহুপাক্ষিক বাণিজ্য ব্যৱস্থা গঢ়ি তুলিবলৈ ভাৰত প্ৰতিশ্রুতিবদ্ধ।
বৈঠকৰ আঁত ধৰি শ্রীগোৱেলে অষ্ট্ৰেলিয়া, ছৌদী আৰৱ আৰু দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীসকলৰ সৈতে পৃথকে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।