October 3, 2026 12:54 PM
5
বিশ্ব বাণিজ্যত দেখা দিয়া অনিয়ম দূৰৰ বাবে WTO-ৰ নীতি-নিৰ্দেশনা অনুসৰি পদক্ষেপ গ্রহণৰ বাবে ভাৰতৰ আহ্বান
বিশ্ব বাণিজ্যত দেখা দিয়া অনিয়ম আৰু বিশৃংখলাসমূহ দূৰ কৰাৰ উদ্দেশ্যে বিশ্ব বাণিজ্য সংস্থা WTO-ৰ নীতি-নিৰ্দেশনা অনুসৰি পদক্ষেপ গ্রহণৰ বাবে ভাৰতে আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলৱাকী চহৰত অনুষ্ঠিত জি-২০ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অন্তিম দিনা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে এই সন্দৰ্ভত কয় যে, কিছুমান দেশৰ অৰ্থনীতিত চৰকাৰে আগবঢ়োৱা অনিয়মীয়া ৰাজসাহায্যই বিশ্ব বজাৰৰ স্বাভাৱিক বাণিজ্যিক ব্যৱস্থা ব্যাহত কৰে। এনে উদ্বেগসমূহ সস্তীয়া সামগ্ৰীৰ অনৈতিক বিক্ৰী বিৰোধী নীতি আৰু আইন...