পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে জনসাধাৰণলৈ জনোৱা আহ্বান এতিয়া চৰকাৰী প্ৰশাসনৰ এটা স্থায়ী কাৰ্যসূচীত পৰিণত হৈছে বুলি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্র সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত ‘বিশেষ স্বচ্ছতা অভিযান ৬.০’ ৰ ৰূপায়ণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা জনোৱা আহ্বানৰ পাছতেই এই অভিযানে এটা গণ আন্দোলনৰ ৰূপ লাভ কৰে। ড° সিঙে উল্লেখ কৰে যে এই অভিযানে পুৰণি ফাইলসমূহৰ নিষ্পত্তি, অলাগতিয়াল আচবাব আঁতৰোৱা, ই-ফাইলৰ ব্যৱহাৰ বৃদ্ধি আৰু বৰ্জিত সামগ্ৰীৰ সদ্ব্যৱহাৰৰ যোগেদি সু-শাসন প্রতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে নিজে শ্রমদান কৰাৰ লগতে ‘এক পেড মা কে নাম’ কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ কৰে আৰু চাফাই কৰ্মীসকলক সুৰক্ষা সামগ্ৰী প্ৰদান কৰে।।
কাৰ্যসূচীৰ অংশস্বৰূপে মন্ত্ৰীগৰাকীয়ে শ্রমদান কৰাৰ লগতে ‘এক পেড় মা কে নাম’ কাৰ্যসূচীৰ অধীনত বৃক্ষৰোপণ কৰাৰ লগতে চাফাই মিত্ৰসকলক সুৰক্ষা সঁজুলি প্ৰদান কৰে। ইয়াৰ উপৰি ড° সিঙে চি এছ আই আৰৰ সদৰ কাৰ্যালয়ত স্বচ্ছতাৰ শপত গ্রহণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে। এই বিশেষ অভিযানৰ ৰূপায়ণ পর্যায় অহা ৩১ অক্টোবৰলৈকে অব্যাহত থাকিব।