ডনাল্ড ট্রাম্পে আমেৰিকা যুক্তাষ্ট্ৰৰ মীলৱাউকিত অনুষ্ঠিত ৰিপাব্লিকান ৰাষ্ট্ৰীয় সন্মিলনত দিয়া ৰাজহুৱা ভাষণত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন গ্ৰহণ কৰে। যোৱা সপ্তাহত ট্রাম্পক এজন বন্দুকধাৰী আততায়ীয়ে হত্যাৰ চেষ্টা কৰা পাছত ট্রাম্পৰ এইটো প্ৰথম ৰাজহুৱা ভাষণ। চাৰিদিনীয়া সন্মিলনখনত ৰিপাব্লিকান দলত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্রাম্পৰ আধিপত্য আৰু বিনাপ্রতিন্দ্বীতাত আলোকপাত কৰা হয়। যোৱা বুধবাৰে ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটিৰ প্ৰতিনিধিসকলৰ মাজত সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনীত কৰা হয়।
Assamese | July 19, 2024 7:54 PM | Donald Trump
আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডনাল্ড ট্রাম্পৰ আনুষ্ঠানিকভাৱে মনোনয়ন গ্ৰহণ