আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি অসমৰো বিভিন্ন স্থানত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পানীখাইতিত থকা কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠানত আজি কেন্দ্ৰীয়ভাৱে এই দিৱসৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত বিভাগীয় সঞ্চালক হার্ডি সিঙে অংশগ্ৰহণ কৰিব। দিৱস উপলক্ষে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব। তিনিচুকীয়া জিলাতো অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে চাফাই অভিযান, পতাকা উত্তোলন, গছপুলি ৰোপণৰ লগতে স্বেচ্ছাসেৱকসকলক শুভেচ্ছা জ্ঞাপন, সজাগতা সমদল, দুর্যোগ সজাগতা আখৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এই সমদলৰ শুভাৰম্ভ কৰিব।
Assamese | December 6, 2024 10:55 AM | Akashvani
আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস