ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱা আগজাননী দিছে। বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি অহা ২৪ ঘণ্টাৰ ভিতৰত অঞ্চলটোত ৭ৰ পৰা ১১ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে অঞ্চলটোত ৰাস্তাঘাটত পানী হোৱাৰ লগতে দিছপুৰ তথা ইয়াৰ কাষৰীয়া অঞ্চলত বৰষুণৰ পানী জমা হোৱাৰ সম্ভাৱনা আছে। মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ ৰাস্তা-ঘাটৰ ক্ষতি হোৱাৰ লগতে আবদ্ধ পানীয়ে যানযটৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে।
Assamese | September 3, 2024 6:15 PM | IMD | IMD Alert
আজি আৰু কাইলৈ গুৱাহাটীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ