সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে পৰহিলৈৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি পৰহিলৈৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ’ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হ’ব। একেদৰে ৩ বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে ৫ মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ’ব। বিয়লি ৫ বাজি ১৫ মিনিটৰ আৰু সন্ধিয়া ৬ বজাৰ বাতৰি এতিয়া ৫ মিনিটৰ পৰিৱৰ্তে ১০ মিনিটৰ বাবে প্ৰচাৰ কৰা হ’ব।
Assamese | November 29, 2025 9:52 PM | Aakashbani Guwahati | Akashvani News
আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি