আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থী গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা হ’ব লাগিব। আগ্রহীসকলে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR GUWAHATI-ৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনল’ড কৰি অথবা আকাশবাণী গুৱাহাটীৰ সমন্বয় শাখাৰ পৰা আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰি যাৱতীয় নথিৰ সৈতে অহা ৪ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব। প্ৰাৰ্থীসকলক লিখিত পৰীক্ষা, কণ্ঠস্বৰ পৰীক্ষা আৰু সাক্ষাতকাৰৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব।
Assamese | September 28, 2024 5:57 PM | Akashvani | Akashvani Guwahati
আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান