■ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৯ মার্চ তাৰিখে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ ১০.৩০ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬টা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্রাক্তন বাতৰি পৰিৱেশক-পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল’ব। এই অনুষ্ঠানৰ বছা বছা অংশ সেইদিনা নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব।
Assamese | March 27, 2025 11:49 AM | Akashvani Guwahati | Akashvani News
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ২৯ মার্চত ‘আপুনি কেনে আছে’ শীৰ্ষক অন্তৰংগ অনুষ্ঠান