মিজোৰামত কমনৱেল্থ সংসদীয় সংঘৰ একবিংশ বাৰ্ষিক সমাৰোহত অংশ লোৱাৰ বাবে যোৱা বৃহস্পতিবাৰে ৰাজ্যখনত উপস্থিত হোৱা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি আইজলত স্বচ্ছতা অভিযানৰ অধীনত শ্রমদান কাৰ্যসূচীত অংশ লয়। তেওঁ আইজলৰ বৰাবজাৰত কেন্দ্ৰীয় চৰকাৰৰ ভোকেল ফৰ লোকেল কাৰ্যসূচীক উৎসাহিত কৰাৰ বাবে বাঁহৰ পৰা উৎপাদিত সামগ্রী ক্রয় কৰে। অধ্যক্ষগৰাকীয়ে আইজলৰ বৰাবজাৰত কিছুসময় অতিবাহিত কৰাৰ লগতে থলুৱা বিক্ৰেতা আৰু হস্তশিল্পীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে অঞ্চলটোৰ স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় অনুষ্ঠানত অংশ লয়।
Assamese | September 28, 2024 7:29 PM | Aizawl | Lok Sabha | Om Birla
আইজলত স্বচ্ছতা অভিযানৰ অধীনত শ্রমদান কাৰ্যসূচীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অংশগ্ৰহণ