অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক এই আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় সকলো কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানৰ মূল কাৰ্যসূচী ৭ অক্টোবৰত গুৱাহাটীত আয়োজন কৰা হ’ব আৰু সেইদিনাই ৩০ লাখ ৫৪ হাজাৰ ১৮৮ গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টযোগে ১২৫০ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ আৱাস প্লাছ প’ৰ্টেলত পঞ্জীয়ন প্ৰক্ৰিয়া পৰ্যালোচনা কৰি এই কাম সম্পূৰ্ণ কৰাৰ সময়সীমা নির্ধাৰণ কৰে। তেওঁ অমৃত সৰোবৰ আঁচনিৰ কাম-কাজৰ অগ্ৰগতিও পর্যালোচনা কৰে।
Assamese | October 5, 2025 11:53 AM | Assam CM
অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রীৰ বিটিআৰৰ বাহিৰে সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা