অহা ২৬ জুলাইত ১৩৬ সংখ্যক খণ্ডৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ- বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব।

এয়া হ’ব অনুষ্ঠানটোৰ ১৩৬ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ ১৮০০-১১-৭৮০০ নম্বৰত ফোন কৰি জনাব পাৰিব।

তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে ১৯২২ নম্বৰত মিছকল দিয়াৰ পাছত লাভ কৰা এছএমএছ লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব।

এই অনুষ্ঠানৰ বাবে অহা ২৪ জুলাই পৰ্যন্ত জনসাধাৰণে দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব।