July 2, 2026 12:37 PM | Durand Cup

printer

অহা ২৫ জুলাইত কলকাতাত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা আৰম্ভ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অহা ২৫ জুলাইত কলকাতাত আৰম্ভ হ’ব। ২৩ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণ আৰু কিশোৰ ভাৰতী ক্রীড়াংগণত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ’ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ২৬ জুলাইৰ পৰা ১৬ আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত ইণ্ডিয়ান ছুপাৰ লীগ ক্লাবছ, আই লীগ ছাইডছ, ছার্ভিচেছ দলকে ধৰি কেইবাটাও ঘৰুৱা আৰু বিদেশী দলে অংশ ল’ব। নতুনকৈ অৱতীৰ্ণ হ’বলগীয়া দলসমূহৰ ভিতৰত শ্ৰীলংকাৰ সশস্ত্র বাহিনীৰ ডিফেণ্ডাৰ্ছ ফুটবল ক্লাব, মেঘালয়ৰ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন নংকেচ স্পর্টছ, ছ’চিয়েল এণ্ড কালচাৰেল ক্লাব অন্যতম।