উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। উপ-ৰাষ্ট্ৰপতি গৰাকীৰ অসম ভ্রমণক কেন্দ্ৰ কৰি আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। ৰূপনগৰত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত, নিউ গুৱাহাটী সমজিলা আয়ুক্ত, জালুকবাৰী সমজিলা আয়ুক্ত আৰু দিছপুৰ সমজিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অহা দেওবাৰে পুৱা চাৰে ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল’ব। সেইদিনাই বিয়লি ৩ বাজি ১৫ মিনিটত তেওঁ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল’ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব আৰু সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ’বলগীয়া এটা অনুষ্ঠানত অংশ ল’ব।
Assamese | September 3, 2026 7:44 PM | C.P. radhakrisnan
অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ গুৱাহাটীলৈ আহিব