September 5, 2026 7:46 PM

views 10

চি পি ৰাধাকৃষ্ণণ কাইলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্রতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণণে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয়, পূর্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকী গু...

September 3, 2026 7:44 PM

views 14

অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ গুৱাহাটীলৈ আহিব

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। উপ-ৰাষ্ট্ৰপতি গৰাকীৰ অসম ভ্রমণক কেন্দ্ৰ কৰি আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। ৰূপনগৰত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত, নিউ গুৱাহাটী সমজিলা আয়ুক্ত, জালুকবাৰী সমজিলা আয়ুক্ত আৰু দিছপুৰ সমজিলা আয়ুক্তকে ধৰি...

January 21, 2026 12:21 PM

views 41

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আজি কর্ণাটক ভ্রমণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি কর্ণাটক ভ্রমণ কৰিব। তেওঁ তামাকুৰুৰ শ্রীসিদ্দাগংগা মঠত আয়োজিত শ্রী শিবকুমাৰা মহাস্বামীজীৰ সপ্তম সোঁৱৰণী দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুৰ চি এম আৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্রহণ কৰাৰ কথা।

October 7, 2025 8:03 PM

views 46

ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে চি পি ৰাধাকৃষ্ণণৰ বৈঠক

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণ আজি ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। যোৱা মাহত ৰাজ্যসভাৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে শ্ৰীৰাধাকৃষ্ণণৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে প্ৰথমখন বৈঠক। বৈঠকত ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ লগতে সদনৰ কাম-কাজ বিঘ্নিত নোহোৱাকৈ বিতর্ক অনুষ্ঠিত কৰাৰ বাবে সদস্যসকলৰ দিহা-পৰামৰ্শ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যসভাৰ নেতা জে পি নড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘৱাল আ...