September 8, 2026 11:41 AM | assam cabinet

printer

অসম সেউজ উপকৰ নীতিত ৰাজ্য চৰকাৰৰ অনুমোদন

ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খণ্ডত সেউজ উপকৰ আৰোপৰ বাবে অসম সেউজ উপকৰ নীতি, ২০২৬ৰ পৰিকাঠামোত অনুমোদন জনাইছে। ইয়াৰ অধীনত শিলৰ কুৱেৰি, ইটাভাটা, আমদানি কৰা কাঠ আদিত সেউজ উপকৰ আৰোপৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ১৩ জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনোৱা মতে, ১২ বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শৈশৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ’ব। শৈশৱ ক্ৰীড়া সমাৰোহত ৩০০ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈক চিনাক্ত কৰি তেওঁলোকৰ উৎকর্ষ সাধনৰ বাবে চৰকাৰে প্ৰশিক্ষণ আৰু সা-সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাসমূহত চৰকাৰে এথলেটিক্‌চ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ – এই ৮ টা শাখা সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। ২০২৫-২৬ বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চৰকাৰে বিনামূলীয়া চাইকেল বিতৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ১০৯ কোটি ৩৮ লাখ টকাত কেবিনেটে অনুমোদন জনাইছে।

পৰৱৰ্তী দুই লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় চাৰি বছৰৰ পৰা তিনি বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ অংশ হিচাপে অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ পৰা কনিষ্ঠ প্রশাসনিক সহায়ক পদলৈ পদোন্নতিৰ বাবে প্ৰয়োজনীয় সেৱাকাল ৪ বছৰৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰাত কেবিনেটে অনুমোদন জনাইছে।

আনহাতে, সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক-যুৱতীসকলৰ চাকৰিৰ সৰ্বোচ্চ সীমা ৪৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। কৰ আয়ুক্তালয়ৰ পুনৰ গঠনতো কালি অনুষ্ঠিত কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত ১৫৭ টা নতুন বিধিসম্মত বিষয়াৰ পদ আৰু ৪টা তথ্য প্রযুক্তি বিষয়াৰ পদ সৃষ্টি কৰা হ’ব। জি এছ টি ব্যৱস্থাৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ কাৰ্যকৰী জ’নৰ সংখ্যা ১০ৰ পৰা ১১ লৈ বৃদ্ধি কৰাৰ লগতে বৰ্তমানৰ পদসমূহৰ পুনৰ নামকৰণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়।