বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগীতাত আজি ভাৱনা আৰু পূজা চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে অৱতীৰ্ণ

আহমেদাবাদত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগীতাত আজি ভাৱনা আৰু পূজাই চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে খেলিব। ভাৰতীয় যুটিটোৱে ঘৰুৱা মাটিত বিজয়ৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হব। পেৰা ৰিকাৰ্ভ পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ হৰবিন্দৰ সিং আৰু বিজয় সুণ্ডীয়ে শ্লোভাকিয়াৰ ডেভিদ ইভান আৰু ডেনিছ ইভানৰ বিৰুদ্ধে খেলিব। পাৰা কম্পাউণ্ড পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু টোমন কুমাৰে ইৰাকৰ আব্বাছ কাধিম আৰু আনৱেৰ আলদাওদৰ বিৰুদ্ধে খেলিব। মিক্সড টিম ডব্লিউ ১ ফাইনেলত ভাৰতৰ স্বাতী চৌধুৰী আৰু আদিল মহম্মদ নাজিৰ আনছাৰীয়ে চেকিয়াৰ সৰকা পুলটাৰ মুচিলোভা আৰু ডেভিদ ড্রাহ’নিনস্কিৰ সৈতে যুঁজিব।