কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পর্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্রীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বৰ্ষৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ ১৩ খন জিলাৰ শেহতীয়া পৰিস্থিতি পর্যালোচনাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয়। শ্রীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমর্থনৰ শলাগ লয়।
মুখ্য সচিব ৰবি কোটা আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংচনে বানৰ ক্ষয়-ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্রাকৃতিক দুর্যোগত প্ৰভাৱিত মুঠ এলেকাৰ ১০ শতাংশ এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে ৭৫ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয়, যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্রায় ৫০ হাজাৰ লোক বানৰ কবলত পৰাৰ লগতে বানত এজন লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত ৮ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে, উদ্ধাৰ আৰু সাহাৰ্য অভিযান চলোৱাৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয়, যে বানত ক্ষতিগ্রস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ধেমাজি জিলাত স্থাপন কৰা ৬টা আশ্ৰয় শিৱিৰত বৰ্তমানেও প্রায় এহেজাৰ লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰা ৫৯টা স্থানত জৰুৰী বান সাহাৰ্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানাক্ৰান্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে বুলি শ্ৰীকোটাই অৱগত কৰে। বানত ক্ষতিগ্ৰস্ত কৃষিভূমিৰ তথ্য সদৰী কৰি মুখ্য সচিবগৰাকীয়ে কয়, যে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্রায় ৭ হাজাৰ হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় এহেজাৰ ৩৮০ হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্রী পীযুষ হাজৰিকা, জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁইকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহান আৰু ৰিজিজুৱে কালি অৰুণাচলৰ বান পৰিস্থিতি পর্যবেক্ষণৰ পাছত ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেন চাপৰিত হেলিকপ্তাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত শ্রীচৌহানে বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ’ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে ৷