চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে’ল ষ্টেচনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই আঁচনিখনৰ অধীনত উন্নয়নৰ বাবে ১,৩০০ টাৰো অধিক ষ্টেচন চিনাক্ত কৰা হৈছে। তেওঁ কয়, যে চৰকাৰে ৰে’ল ষ্টেচনসমূহত যাত্রী বিশ্রাম ক্ষেত্র, যাত্রী প্রেক্ষাগৃহ, যান-বাহন ৰখোৱা ঠাই নিৰ্মাণ কৰি যাত্ৰীৰ সা-সুবিধা উন্নত কৰাৰ বাবে আৰু ৰে’লৱে ষ্টেচনলৈ যাত্ৰা সুগম কৰি তোলাৰ বাবে কাম কৰি আছে। যাত্ৰীৰ সুৰক্ষাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | December 10, 2025 3:25 PM | Akashvani | Akashvani News | Amrit Bharat Railway Station
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে’ল ষ্টেচনৰ কাম সম্পূৰ্ণ