কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫ খন অভিযোগনামা দাখিল কৰিছে। ১৬ গৰাকী ব্যক্তি আৰু দুটা সংস্থাকে ধৰি মুঠ ১৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লী চি বি আইয়েও এই গোচৰ সংক্ৰান্তত চাৰিখন অভিযোগনামা দাখিল কৰিছিল। অসম চৰকাৰৰ অনুৰোধ মৰ্মে চি বি আইয়ে যোৱা ২২ অক্টোবৰত তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। বিত্তীয় কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ৩ মাহৰ ভিতৰত এই লোককেইজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়। ২০ অক্টোবৰতো কেইবাটাও বিত্তীয় লেনদেনকাৰী সংস্থা আৰু ব্যক্তিৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰা হৈছিল। এই তদন্তৰ প্ৰক্ৰিয়া চি বি আইয়ে অনিয়ম সংঘটিত কৰা বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিৰ বিৰুদ্ধে বিতং তথ্য সংগ্ৰহ কৰাৰ লগতে এনেধৰণৰ অনিয়মৰ বলি হোৱা লোকসকলৰ তথ্যও সংগ্ৰহ কৰিছিল। এই গোচৰসমূহ সন্দৰ্ভত তদন্ত অব্যাহত আছে।
Assamese | December 16, 2024 8:19 PM | CBI FIR
অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত চিবিআইৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫খন অভিযোগনামা দাখিল