ত্রৈলোক্য বৰগোঁহায়ে কালি অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯৫ চনত অইলৰ দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ভূতাত্বিক বিভাগত কাৰ্যবাহী নবিচ হিচাপে যোগদান কৰা শ্ৰীবৰগোঁহায়ে অইলৰ ভূবিজ্ঞান আৰু তৈলাশয় শাখাৰ মুখ্য মহা-প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ৰ পৰা ২০২১ চনলৈকে অইলৰ গেবন অন্বেষণ প্ৰকল্পৰ মহা-প্ৰৱন্ধক হিচাপেও দায়িত্ব পালন কৰিছিল।
Assamese | December 18, 2024 1:50 PM | Assam | OIL India
অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে ত্রৈলোক্য বৰগোঁহাইৰ দায়িত্বভাৰ গ্ৰহণ