■ কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫ হাজাৰ ৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন জনাইছে। চৰকাৰে যোৱা জুনত দেশৰ ১৮ খন ৰাজ্যলৈ প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত মুঠ ৪৭ হাজাৰ ৪৭৪ কোটি ৫৮ লাখ টকাৰ আৱণ্টন দিছে। এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজি আৱণ্টন দিয়া ১৮ খন ৰাজ্যৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰৰ নামো আছে। মণিপুৰে এই আঁচনিৰ অধীনত ৪৬ কোটি ১৮ লাখ টকাৰ আৱণ্টন লাভ কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত অসমৰ গ্ৰামাঞ্চলত মুঠ ২৯ লাখ ৮৭ হাজাৰ ৮৬৮ টা আৱাস নির্মাণ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত চলিত বৰ্ষৰ জুলাইলৈ অনুমোদন দিয়া ২৮ লাখ ৭১ হাজাৰ ৫১ টা আৱাসৰ ২০ লাখ ৬৯ হাজাৰ ৬৪৮ আবাসৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।
Assamese | August 19, 2025 12:26 PM | Akashvani News | PMAYG | Pradhan Mantri Awash Yojana
প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫,৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন