● মধ্য প্ৰাচ্যৰ যুদ্ধৰ ফলত হৰমুজ প্রণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে।
এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ৬ মাহৰ বাবে ৩০ শতাংশ হ্ৰাস কৰা হৈছে।
কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ এই কথা সদৰি কৰে।
তেওঁ কয়, যে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিটিচিৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গ্রামাঞ্চলৰ নাগৰিকক ৭ বিঘা আৰু নগৰাঞ্চলৰ নাগৰিকৰ ডেৰ কঠা মাটিৰ পট্টা প্ৰদানক লৈ বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা বলি তেওঁ উল্লেখ কৰে।
শ্ৰীবসুমতাৰীয়ে কয়, যে ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰাৰ বাবে মাণ্ডলিক কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয়, যে বিটিচি অঞ্চলত নতুনকৈ গো-হাট স্থাপন কৰাৰ উপৰি বন্ধ হৈ থকা গো-হাটসমূহ পুনৰ মুকলি কৰা বাবেও কালিৰ বৈঠকত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাৰ বিজুলীবাৰীস্থিত আই টি পার্ক চৌহদত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কর্তৃপক্ষক একেটা চৌহদতে অনলাইন পৰীক্ষা কেন্দ্ৰ খোলাৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বিটিচিৰ পাৰিষদীয় চৰকাৰে লীজত দিয়া সিদ্ধান্ত গ্রহণ কৰা বুলি শ্ৰীবসুমতাৰীয়ে সদৰি কৰে।