August 7, 2026 7:33 PM | Ranoj Pegu

printer

দৰমহা প্রদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্রয়োজন নাই : ডাঃ ৰণোজ পেগু

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্রদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্রয়োজন নাই বুলি মন্তব্য কৰে। সমগ্র শিক্ষা, অসমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। সেই অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী এজনে লাভ কৰা সকলো সা-সুবিধা শিক্ষকসকলেও পাই থাকিব বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে দৰমহা প্ৰদানৰ ব্যৱস্থাপনা ক’ৰ পৰা কেনেকৈ হব, সেয়া চৰকাৰ অথবা বিত্ত বিভাগৰ অভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে কোনটো কোষাগাৰৰ পৰা শিক্ষকসকলে দৰমহা পাব সেয়া চৰকাৰৰ বিষয় আৰু তাৰ বাবে শিক্ষকসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ফিন আচাম পোৰ্টেলৰ পৰা শিক্ষকসকলৰ নাম কৰ্তন কৰা বিষয়টো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত শিক্ষকসকলে এছ এন এ স্পৰ্শ মড্যুল পদ্ধতিৰে দৰমহা প্ৰদান ব্যৱস্থাৰ বিৰোধিতাৰে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।