September 8, 2026 12:44 PM | Bhpen hazarika

printer

ড° ভূপেন হাজৰিকাৰ আজি ওপজা দিন উপলক্ষে ৰাজ্যজুৰি শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ওপজা দিন। ১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্র নির্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সু-পৰিচিত আছিল। ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত-মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰৱহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আয়োজন কৰা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা সমন্বয় তীর্থত উপস্থিত হৈ স্বনামধন্য শিল্পী ড° হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে ১০০ গৰাকী শিল্পীয়ে ‘বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে’ শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰী ড° শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নির্মাণ হ’বলগীয়া ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভার্চুৱেল মাধ্যমেৰে স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে ভূপেন হাজৰিকাৰ জীৱন, কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ৩৫ কোটি ৩৭ লাখ টকা ব্যয়সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ’ব। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ-পূব পৰিষদে ১৪ কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে। এই একেটা অনুষ্ঠানতে বিশিষ্ট সাহিত্যক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্রী বিমল বৰা, বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক তথা সাংসদ উপস্থিত থাকে।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনৰ ওলগ তথা শ্রদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি ৬ বজাত দীঘলীপুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা দীঘলীপুখুৰী পাৰৰ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন শিক্ষানুষ্ঠানৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰে।

শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব।

আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া ৬ বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰেই গান শীৰ্ষক এখন সংগীতালেখ্য পৰিবেশন কৰিব।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয়ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্রজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে।

কামৰূপ জিলাৰ আমিনগাঁৱতো আজি ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ আয়োজন কৰা হৈছে। এই উদ্দশ্যে আজি পুৱা আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰা হয়। মহান শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰাৰ লগতে কেইবাটাও গীতেৰে শিল্পীগৰাকীৰ বিশাল সৃষ্টিৰাজীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয় ।

পাটাছাৰকুছিতো আজি ড° ভূপেন হাজৰিকাৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সন্ধিয়া সাত বজাত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত ৰূপম ভূঞা আৰু বিদ্যাসাগৰে ড০ হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰিব। বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসে উদ্বোধন কৰিবলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী সদানন্দ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

গোৱালপাৰাতো আজি ড° ভূপেন হাজৰিকাৰ জয়ন্তী বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বছৰ জোৰা উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰ সভাৰ উদ্যোগত নগৰখনৰ মায়া বজাৰত চাফই অভিযান চলোৱা হয়। পৰিস্কাৰ পৰিচ্চন্নতাৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে ভূপেন হাজৰিকাৰ আদৰ্শ আৰু মানৱীয় মূল্য বোধক সন্মান জনাবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।