ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কালি ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কিষাণোদয় এপ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলা প্ৰশাসনে প্রস্তুত কৰা কিষাণোদয় এপ আৰু ৱেবছাইটৰ জৰিয়তে কৃষকসকলে বিভিন্ন তথ্য লাভ কৰাৰ সুবিধা হ’ব। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত বিতৰণ কৰা বিভিন্ন বীজ, কৃষি সম্বন্ধিয় সা- সঁজুলিৰ সঠিক ব্যৱহাৰ, লাভালাভ আদিৰ তথ্য এই ৱেবচাইটত উপলব্ধ হ’ব। এই বৈঠকতে ডিব্ৰুগড় জিলা কৃষি বিভাগৰ পি এম-কিষাণ, আৰ কে ভি ৱাই আৰু এন এফ এছ এম আঁচনিৰ অধীনত জিলা পৰ্যায়ত কৃষক নির্বাচন কৰা হয়। জিলা আয়ুক্তই মাখনা খেতিত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্রদান কৰাৰ লগতে তৰমুজ আৰু মিলেট খেতিৰ প্ৰতি কৃষকসকলক আগ্ৰহী কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত দুলীয়াজান সমষ্টিৰ বিধায়ক তেছ গোৱালা, ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধিৰ লগতে কিষাণোদয় এপ আৰু ৱেবছাইট প্রস্তুত কৰা পৰামৰ্শ দাতাকে ধৰি অন্যান্য বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Assamese | June 7, 2025 10:25 AM | Dibrugarh
ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কিষাণোদয় এপ আৰু ৱেবছাইট মুকলি