কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শ্রীচৌহানে কয় যে, কেইবা দশক পূৰ্বে বুধনীৰ পৰাই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সদায় ইয়াৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াই যাব। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, ৬ বাৰ বিধানসভালৈ নির্বাচিত হোৱা বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰাটো তেওঁৰ বাবে এটা অতি আৱেগিক মুহূৰ্ত। উল্লেখযোগ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত শিৱৰাজ সিং চৌহানে ৮ লাখ ২১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিদিশা সংসদীয় সমষ্টিৰ পৰা জয়লাভ কৰে।
Assamese | June 18, 2024 11:37 AM | Sivraj Singh Chouhan
কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ