জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা পি চিদাম্বক সমালোচনা কৰিছে। দিল্লীত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে। তেওঁ কয় যে এন ডি এ চৰকাৰে সকলোকে ন্যায় প্ৰদান কৰাৰ বাবে দায়বদ্ধ আৰু কেতিয়াও নাগৰিকত্ব সংশোধিত আই বাতিল কৰা নহয়। শ্ৰীশ্বাহে কয় যে, সময়মতে ন্যায় প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা সময় অনুসৰি তিনিখন ফৌজদাৰী আইন বলবৎ কৰা হ’ব।
Assamese | April 23, 2024 8:15 PM | Amit Shah | Home Minister
কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে : অমিত শ্বাহ