বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বর্ধিত কার্যনির্বাহক সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদী উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতো অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান- জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্ম দিনত আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্রতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হ’ব। ইপিনে ১৯ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন বিজেপি কার্যালয় আৰু নিৰ্ধাৰিত স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে।