আজি বিশ্ব থেলাছেমিয়া দিৱস। এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ সংগ্ৰামৰ প্ৰতি সন্মান জনোৱাৰ লগতে ৰোগ আৰু ইয়াৰ লক্ষ্যণ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ৮ মে’ত এই দিৱস উদযাপন কৰা হয়। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে, থেলাছেমিয়াৰ বাবে একেলগে ঃ সমূহিক একতা আৰু ৰোগীক অগ্ৰাধিকাৰ । নতুন দিল্লীত চৰকাৰে আয়োজন কৰা থেলাছেমিয়া বাল সেৱা যোজনা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে দেশক থেলাছেমিয়া মুক্ত কৰাৰ বাবে হাস্পতাল প্ৰতিষ্ঠাৰ লগতে ৰাষ্ট্ৰজুৰি স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে এই ৰোগৰ বিৰুদ্ধে সহাগতা সৃষ্টি বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে এই বেমাৰ ৰোধৰ বাবে সমূহিক প্ৰচেষ্টা প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে।
Assamese | May 8, 2025 8:49 PM | World Thalassaemia Day
আজি বিশ্ব থেলাছেমিয়া দিৱস