বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ডেলহী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ডেলহী কেপিটেলছে নিৰ্ধাৰিত অভাৰত ১৪১ ৰাণ কৰে। দলটোৰ হৈ জেমিমা ৰু’দিগচে সৰ্বাধিক ৩৪ ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৭ অভাৰত নিৰ্ধাৰিত অভাৰত উপনীত হয়। দলটোৰ হৈ ৰেণুকা সিং ঠাকুৰ আৰু জর্জিয়া ৱেৰহামে তিনিটাকৈ উইকেট দখল কৰে। অধিনায়ক স্মৃতি মন্ধনা আৰু ডেনিয়েল ৱাইট হডজে আৰম্ভণিতে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। ৰেণুকা সিং ঠাকুৰক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ আজিৰ এখন খেলত গুজৰাট জায়েণ্টছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। বডোদাৰ কোটাম্বি ষ্টেডিয়ামত হ’বলগীয়া খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Assamese | February 18, 2025 12:08 PM | WPL cricket
মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছৰ হাতত ডেলহী কেপিটেলছ ৮ উইকেটত পৰাস্ত