♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ’বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ অর্থনৈতিক বিকাশ ৬ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ভাৰতৰ উন্নয়ন আৰু পাকিস্তান তথা শ্রীলংকাৰ অর্থনৈতিক অৱস্থাৰ উন্নতি। প্রতিবেদন অনুসৰি ৬.১ শতাংশ বৃদ্ধিৰ হাৰেৰে ২০২৫ চনত দক্ষিণ এছিয়া বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা অর্থনৈতিক অঞ্চলৰূপে পৰগণিত হোৱাৰ থল আছে।
Assamese | April 3, 2024 7:21 PM | Economy | India | indian Economy | World Bank
চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ