December 27, 2025 8:20 PM

views 60

নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ বৈঠক অনুষ্ঠিত

নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। দিল্লী মণ্ডলৰ মুখ্য সীমা শুল্ক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সহযোগী পক্ষসমূহৰ বিশ্বাস শক্তিশালী কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা হয়। এই বৈঠকত এফ এছ এছ এ আই, প্লেণ্ট কোৱাৰেণ্টাইন, ঔষধ নিয়ন্ত্ৰকৰ দৰে চৰকাৰী ভালেমান সংস্থাৰ লগতে বিভিন্ন বাণিজ্যিক সহযোগীয়ে অংশগ্ৰহণ কৰে বুলি বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত হোৱা আলোচনাকালত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক ব'ৰ্ডৰ শেহতীয়া সকলো নীতি আ...

January 2, 2025 9:49 AM

views 56

দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ

ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ ৰাজ্যিক জি এছ টি সংগৃহীত হয়। ইয়াৰ উপৰি এই সময়ছোৱাত ৪৭ হাজাৰ ৭৮৩ কোটি টকাৰ সংহত জি এছ টি আৰু ১১ হাজাৰ ৪৭১ কোটি টকাৰ উপকৰ সংগৃহীত হয়। নবেম্বৰত মুঠ জি এছ টি সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি পাই ১ লাখ ৮২ হাজা...

September 2, 2024 8:52 AM

views 54

চলিত বৰ্ষৰ আগষ্টত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে

■ চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে ৷ যোৱাবছৰৰ এই একেই সময়ছোৱাত এই পৰিমাণ আছিল ১ লাখ ৫৯ হাজাৰ কোটি টকা ৷ কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ ৮৬২ কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজ্যসমূহে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে ৩৮ হাজাৰ ৪১১ কোটি টকা। আমদানি আৰু আন্তঃৰাজ্যিক বিক্ৰীৰ ক্ষেত্ৰত সংহত জি এছ টি সংগ্ৰহৰ পৰিমাণ ৯৩ হাজাৰ ৬২১ কোটি টকা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ঘৰুৱা লেনদেনৰ পৰা মুঠ জি এছ টি ৰাজহ ৯.২ শতাংশ বৃদ্ধি...

July 17, 2024 10:55 AM

views 55

ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূর্বানুমান ২০ পইণ্ট বৃদ্ধিৰে ৭ শতাংশ হ’ব : আই এম এফ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, আই এম এফে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূর্বানুমান ২০ পইণ্ট বৃদ্ধি কৰি ৭ শতাংশ হ'ব বুলি প্ৰকাশ কৰিছে। আই এম এফে ইয়াৰ পূৰ্বে এপ্ৰিলতো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান ৩০ পইণ্ট বৃদ্ধি কৰি ৬ দশমিক ৮ শতাংশ কৰিছিল। মুদ্ৰা নিধিয়ে কৈছে যে ব্যক্তিগত ব্যয় বিশেষকৈ গ্ৰামাঞ্চলৰ উন্নত সম্ভাৱনাৰ বাবে ভাৰতৰ বিকাশ সম্পৰ্কীয় পূর্বানুমান বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস্থা ৰূপে পৰিগণিত হৈছে। ইপিনে, আন্তঃৰাষ্ট...

July 15, 2024 10:37 AM

views 62

ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ

● ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগতে বিদেশী বিনিয়োগকাৰীয়ে প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি এই সময়ছোৱাত বিদেশী বিনিয়োগকাৰীয়ে ইকুইটিত বজাৰত ১৫,৩৫২ কোটি টকা আৰু ঋণৰ বজাৰত ৮,৪৮৪ কোটি টকা বিনিয়োগ কৰিছে। জুন মাহত এই বিনিয়োগৰ পৰিমান আছিল 26,565 কোটি টকা।

July 12, 2024 9:28 AM

views 24

ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফৰ

■ Financial Times নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰিখনৰ মুখ্য অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফে ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূর্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অর্থনীতিবিদ রুফে কৈছে যে, ৪ গুন অধিক জনসংখ্যাৰে ২০৪৭ চন পর্যন্ত ভাৰতৰ আৰ্থিক উৎপাদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান হ'ব। তেওঁ কয় যে, ২০৪৭ চনলৈকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ বছৰি ৫ শতাংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ২.৩ শতাংশ হ'লে ভাৰতৰ অৰ্থব্যৱস্থা ক্ৰয় শক্তি সমতাৰ ক্ষেত্ৰত আমেৰি...

June 1, 2024 1:14 PM

views 54

২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্যৱস্থাৰ বিকাশ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম যোগে দেশৰ জনসাধাৰণক ধন্যবাদ জনাই শ্রীমোদীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ বাবে ৮.২ শতাংশৰ বিকাশ হাৰে ভাৰত যে, গোলকীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ অর্থ ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থ...

April 3, 2024 7:21 PM

views 30

 চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ

♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ'বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ অর্থনৈতিক বিকাশ ৬ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ভাৰতৰ উন্নয়ন আৰু পাকিস্তান তথা শ্রীলংকাৰ অর্থনৈতিক অৱস্থাৰ উন্নতি। প্রতিবেদন অনুসৰি ৬.১ শতাংশ বৃদ্ধিৰ হাৰেৰে ২০২৫ চনত দক্ষিণ এছিয়া বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা অর্থনৈতিক অঞ্চলৰূপে পৰগণিত হোৱাৰ থল আছে।