ডিচেম্বৰত দেশত সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ ২০২৩ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৭.৩ শতাংশ বৃদ্ধি পাই ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা হয়। ২০২৩ চনৰ ডিচেম্বৰত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১ লাখ ৬৪ হাজাৰ কোটি টকা। ডিচেম্বৰত দেশত ৩২ হাজাৰ ৮৩৬ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি আৰু ৪০ হাজাৰ ৪৯৯ কোটি টকাৰ ৰাজ্যিক জি এছ টি সংগৃহীত হয়। ইয়াৰ উপৰি এই সময়ছোৱাত ৪৭ হাজাৰ ৭৮৩ কোটি টকাৰ সংহত জি এছ টি আৰু ১১ হাজাৰ ৪৭১ কোটি টকাৰ উপকৰ সংগৃহীত হয়। নবেম্বৰত মুঠ জি এছ টি সংগ্ৰহ ৮.৫ শতাংশ বৃদ্ধি পাই ১ লাখ ৮২ হাজাৰ কোটি টকা হৈছিল।
Assamese | January 2, 2025 9:49 AM | GST | Income Tax Department | India | indian Economy
দেশত যোৱা ডিচেম্বৰ মাহত ১ লাখ ৭৬ হাজাৰ কোটিৰো অধিক টকা সামগ্ৰী আৰু সেৱা কৰ, জি এছ টি সংগ্রহ