■ চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে ৷ যোৱাবছৰৰ এই একেই সময়ছোৱাত এই পৰিমাণ আছিল ১ লাখ ৫৯ হাজাৰ কোটি টকা ৷ কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ ৮৬২ কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজ্যসমূহে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে ৩৮ হাজাৰ ৪১১ কোটি টকা। আমদানি আৰু আন্তঃৰাজ্যিক বিক্ৰীৰ ক্ষেত্ৰত সংহত জি এছ টি সংগ্ৰহৰ পৰিমাণ ৯৩ হাজাৰ ৬২১ কোটি টকা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ঘৰুৱা লেনদেনৰ পৰা মুঠ জি এছ টি ৰাজহ ৯.২ শতাংশ বৃদ্ধি হৈ ১ লাখ ২৫ হাজাৰ কোটি টকা হৈছে। সেইদৰে সামগ্ৰীৰ আমদানিৰ পৰা সংগৃহীত ৰাজহ ১২ দশমিক ১ শতাংশ বৃদ্ধি হৈ ৪৯ হাজাৰ ৯৭৬ কোটি টকা হৈছে। চলিত বৰ্ষৰ আগষ্ট পর্যন্ত মুঠ জি এছ টি ৰাজহ বিগত বৰ্ষৰ তুলনাত ১০ দশমিক ২ শতাংশ বৃদ্ধিৰে ৮ লাখ ৭ হাজাৰ কোটি টকা হৈছে।
Assamese | September 2, 2024 8:52 AM | GST | indian Economy
চলিত বৰ্ষৰ আগষ্টত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে