আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, আই এম এফে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূর্বানুমান ২০ পইণ্ট বৃদ্ধি কৰি ৭ শতাংশ হ’ব বুলি প্ৰকাশ কৰিছে। আই এম এফে ইয়াৰ পূৰ্বে এপ্ৰিলতো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান ৩০ পইণ্ট বৃদ্ধি কৰি ৬ দশমিক ৮ শতাংশ কৰিছিল। মুদ্ৰা নিধিয়ে কৈছে যে ব্যক্তিগত ব্যয় বিশেষকৈ গ্ৰামাঞ্চলৰ উন্নত সম্ভাৱনাৰ বাবে ভাৰতৰ বিকাশ সম্পৰ্কীয় পূর্বানুমান বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস্থা ৰূপে পৰিগণিত হৈছে। ইপিনে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০২৪ বৰ্ষৰ বাবে গোলকীয় বিকাশ সম্পৰ্কীয় পূর্বানুমান ৩ দশমিক ২ শতাংশত অপৰিৱৰ্তিত ৰাখিছে। ২০২৫ বৰ্ষত এই হাৰ সামান্য বৃদ্ধি পাই ৩ দশমিক ৩ হ’ব বুলি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰিছে। চীনৰ ক্ষেত্ৰত মুদ্ৰা নিধিয়ে ২০২৪ৰ বাবে দেশখনৰ বিকাশ হাৰ ৫ শতাংশলৈ সংশোধন কৰিছে। অৱশ্যে ২০২৫ বৰ্ষত চীনৰ মুঠ ঘৰুৱা উৎপাদন ৪ দশমিক ৫ শতাংশলৈ হ্ৰাস পাব বুলি আন্তঃৰাষ্ট্ৰী মুদ্ৰা নিধিয়ে প্ৰকাশ কৰিছে।
Assamese | July 17, 2024 10:55 AM | indian Economy
ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় পূর্বানুমান ২০ পইণ্ট বৃদ্ধিৰে ৭ শতাংশ হ’ব : আই এম এফ