জম্মু-কাশ্মীৰৰ ৱাঘা সীমান্তৰে কালি প্ৰায় ৬০ গৰাকী পাকিস্তানী মহিলা আৰু শিশুক ভাৰতৰ পৰা ঘূৰাই পঠিওৱা হয়। এই মহিলাসকলৰ বেছি সংখ্যকে প্রাক্তন কাশ্মীৰী সন্ত্ৰাসবাদীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা। শ্ৰীনগৰ, বাৰামুল্লা, কুপৱাৰা, বুদগাম আৰু শ্বপিয়ান জিলাৰ পৰা আহি একেলগ হোৱা এই পৰিয়ালসমূহক বাছেৰে পঞ্জাৱলৈ লৈ যোৱা হয় আৰু পাকিস্তানী কর্তৃপক্ষক অৰ্পণ কৰা হয়। বেছি সংখ্যক মহিলাই ২০১০ চনৰ প্ৰাক্তন সন্ত্ৰাসবাদীৰ পুনৰ্বাস নীতিৰ অধীনত কাশ্মীৰত প্ৰৱেশ কৰিছিল। ৪৫ বছৰ পূৰ্বে বৈধ ভিছা লৈ মেন্ধাৰ আৰু পুঞ্চত বাস কৰি অহা ১১ গৰাকী পাকিস্তানী নাগৰিককো দেশৰ পৰা বিতাড়ন কৰা হয়। উল্লেখযোগ্য যে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰববীসকলক পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি দেশৰ পৰা বিতাড়ন কৰিবলৈ নিৰ্দেশ দিছিল।
Assamese | April 30, 2025 12:50 PM | Wagha border
ৱাঘা সীমান্তৰে প্ৰায় ৬০ গৰাকী পাকিস্তানী মহিলা আৰু শিশুক পাকিস্তানলৈ প্ৰেৰণ