বিজয়া ৰাহাটকাৰক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এই সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে এখন অধিসূচনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীমতী ৰাহাটকাৰে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আৰু ঔৰংগবাদৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু মহিলা শাখাৰ সভানেত্ৰী হিচাপে কাম কৰিছিল। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে ড০ অৰ্চনা মজুমদাৰকো ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে।
Assamese | October 19, 2024 8:26 PM | Vijaya Rahatkar Appointed as Chairperson of National Commission for Women
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে বিজয়া ৰাহাটকাৰক নিযুক্তি