উত্তৰাখণ্ড মন্ত্রীসভাই ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰস্তুতত অনুমোদন জনাইছে। আজি ডেৰাডুনত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে এই কথা প্ৰকাশ কৰি কয়, যে এই বিধি প্ৰস্তুত হৈ উঠিলে ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰা হ’ব আৰু ইয়াৰ ফলত এনে বিধি বলৱৎ কৰা উত্তৰখণ্ড দেশৰ প্ৰথমখন ৰাজ্যৰূপে পৰিগণিত হ’ব। এই উমৈহতীয়া দেৱানী বিধি দেশৰ আন ৰাজ্যসমূহৰ বাবে আদর্শস্বৰূপ হ’ব বুলিও মুখ্যমন্ত্রী ধামিয়ে আশা প্রকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ নাগৰিকৰ ব্যক্তিগত সম্বন্ধ একেধৰণৰ আইনী ব্যৱস্থাৰে পৰিচালিত হ’ব আৰু ইয়াৰ ফলত সমাজত ন্যায় আৰু একতাৰ ভাব বৃদ্ধি পাব।
Assamese | January 20, 2025 8:56 PM | Uttarakhand Cabinet approves Uniform Civil Code manual
উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি প্ৰস্তুতত মন্ত্রীসভাৰ অনুমোদন