উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত কালি সংঘটিত হেঁচা-ঠেলাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৬লৈ বৃদ্ধি পাইছে। ফুলৰাই গাঁৱৰ ভোলেবাবা সৎসঙ্গত এই ঘটনা সংঘটিত হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ভক্তসকলে অনুষ্ঠান শেষ হোৱাৰ পাছত ভোলেবাবাৰ দৰ্শনৰ বাবে হেতা-ওপৰা কৰাৰ সময়ত এই অঘটন ঘটে। উত্তৰ প্ৰদেশৰ মুখ্য সচিব মনোজ কুমাৰ সিঙে কয় যে বৰ্তমানলৈকে ৭২টা শৱদেহ চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোৰ এটা পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।
Assamese | July 3, 2024 12:48 PM | Uttar Pradesh's Hathras
উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ ধৰ্মীয় সমাবেশত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৬লৈ বৃদ্ধি