তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ডº গোমা দেৱী শৰ্মাই দেৱক‘টা লু শুন প্রজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। নেপালী সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নেপালৰ দেৱক‘টা লু শুন প্রজ্ঞা একাডেমীয়ে অধ্যাপকগৰাকীলৈ এই বঁটা আগবঢ়াইছে। ডº শৰ্মাৰ মননশীল লিখনিয়ে শৈক্ষিক সমাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে।
Assamese | December 18, 2024 8:25 PM | TEZPUR
ডº গোমা দেৱী শৰ্মালৈ দেৱক’টা লু শুন প্রজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা