ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ সৰ্বেশ চহৰীয়াই চাহ উদ্যোগৰ বাবে পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি প্ৰকাশ কৰিছে। অধিক চাহ উৎপাদন হোৱা উজনি অসমৰ পানীতোলা, টেঙাখাত আৰু ডুমডুমাৰ দৰে এলেকাসমূহত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত চাহৰ কুমলীয়া পাত ওলোৱাত বাধাৰ সৃষ্টি হৈছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে দিন আৰু ৰাতি তাপমাত্ৰাৰ তাৰতম্যৰ বাবে এনে হৈছে।
Assamese | August 1, 2025 11:29 AM | Tea
ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস