August 1, 2025 11:29 AM

views 57

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ সৰ্বেশ চহৰীয়াই চাহ উদ্যোগৰ বাবে পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি প্ৰকাশ কৰিছে। অধিক চাহ উৎপাদন হোৱা উজনি অসমৰ পানীতোলা, টেঙাখাত আৰু ডুমডুমাৰ দৰে এ...

May 21, 2025 9:13 PM

views 73

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে ২১ মে'ৰ দিনাখন এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে ২০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে ৫৪ শতাংশ। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্রভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচা পাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। চাহ নগৰীৰূপে পৰিচিত তিনিচুক...