June 15, 2024 1:55 PM

views 65

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কটলেণ্ডৰ হৈ খেলৰ ৮৭ মিনিটত এণ্টনিঅ’ ৰুডিগাৰে এটা গ'ল দিবলৈ সমর্থ হয় । আজি কল'নত গ্ৰুপ এৰ এখন খেলত হাংগেৰীয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে বাৰ্লিনত গ্রুপ বিৰ এখন খেলত ক্ৰ'ৱেচিয়া স্পেইনৰ মুখামুখি...

June 15, 2024 12:45 PM

views 59

এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত সুমিত নাগল ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগল ইটালীত অনুষ্ঠিত এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সুমিতে কালি কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ মেক্স কাছনিকোৰ্ত্তিক ৬-৪, ৭- ৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। সুমিত আজি ছেমি ফাইনেলত স্পেইনৰ বৰ্নাবে জপাতা মিৰালেজৰ সন্মুখীন হ'ব।

June 15, 2024 12:42 PM

views 65

সৰ্বভাৰতীয় উইণ্ড ছার্ফিং চেম্পিয়নশ্বিপত নিশামণি বৰাৰ সোণৰ পদক অৰ্জন

অসমৰ নিশামণি বৰাই চেন্নাইত আয়োজিত সৰ্বভাৰতীয় উইণ্ড ছার্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰি কয় যে, মহিলাসকলে সম্প্রতি বহু বাধা অতিক্রমী প্রায় সকলো ক্ষেত্ৰতে উচ্চ স্থান লাভ কৰিছে। নিশামণি বৰাৰ সফলতা ৰাজ্য গৌৰান্বিত বুলি তেওঁ মত প্ৰকাশ কৰে।

June 15, 2024 12:37 PM

views 67

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 14, 2024 7:55 PM

views 77

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত ওমানে ১৩ দশমিক ২ অভাৰত ৪৭ ৰান সংগ্ৰক কৰাৰ বিপৰীতে ইংলেে ৩ দশমিক ১ অভাৰত দুটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। আন খেল নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্...

June 13, 2024 7:54 PM

views 66

অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা

ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা অষ্ট্ৰেলিয়ান অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত ৰাউণ্ড অব ছিক্সটিনৰ এখন খেলত পঞ্চম বাছনিৰ প্ৰণয়ে কেৱল মাত্র ৪৬ মিনিটত ইজৰাইলৰ মিশা জীবাৰমানক ২১-১৭, ২১–১৫ গেমত পৰাস্ত কৰে। আনখন খেলত সমীৰ বাৰ্মাই অষ্টম বাচনিৰ ছিংগাপুৰৰ লো কিয়ান য়ুইক ২১-১৪, ১৪-২১, ২১–১৯ গেম পৰাস্ত কৰে। পৰৱৰ্তী ৰাউণ্ডত কাইলৈ প্ৰণয়ে দ্বিতীয় বাছনিৰ জাপানৰ কোদায় নাৰৱাকাৰ বিৰুদ্ধে খেলিব। আনহাতে সমীৰ বাৰ্মা চীনাটাইপে ছু-ই-লিনৰ ব...

June 13, 2024 4:49 PM

views 46

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি নিউজিলেণ্ডক ১৫০ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাডাৰফ’ৰ্ডে ৩৯ টা বলত ৬৮ ৰান...

June 12, 2024 1:47 PM

views 54

ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দল ১-২ গ’লত পৰাস্ত

ডোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ১-২ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ ললিয়ানজুয়ালা ছাংটেই ৩৭ মিনিটত প্ৰথমটো গ'ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও কাটাৰৰ যোচেফ আয়মেনে ৭৩ মিনিটত গল দিবলৈ সমৰ্থ হয়। খেলৰ ৮৫ মিনিটত কাটাৰৰ আহমেদ আল ৰাৱীয়ে আন এটা গলেৰে কাটাৰৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ লগে লগে ভাৰতে এ এফ চি এছিয়ান কাপ ২০২৭ৰ বাবেও যোগ্যতা লাভৰ পৰা বঞ্চিত হৈছে।

June 12, 2024 1:40 PM

views 53

ষ্টুটগার্ট অ’পেন টেনিছৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ উকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টি

ভাৰতৰ ইউকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টিয়ে কালি জার্মানীত অনুষ্ঠিত ষ্টুটগার্ট অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাম্ব্ৰি আৰু অলিভেট্টিয়ে বৰ্তমানৰ উইম্বলডন চেম্পিয়ন আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছ আৰু যুক্তৰাষ্ট্ৰৰ নীল স্কুপস্কিৰ দ্বিতীয় স্থানৰ যুটিটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত-ফ্ৰান্সৰ যুটিটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ থিও আৰিবেজ আৰু ছাডিঅ’ ড’ম্বিয়াৰ মুখামুখি হ’ব।

June 8, 2024 2:29 PM

views 54

নেহেৰু ষ্টেডিয়ামত কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানত পৰাস্ত

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কালি ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লোৱা ধেমাজিয়ে এটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। বিজয় বিশাল লক্ষ্য সন্মুখত লৈ কৰিমগঞ্জে মাত্র ২৪ ৰানতে ইনিংছ সামৰিব লগা হয়। খেলখনত ধেমাজিৰ হেমলতা পায়েঙে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে প্রিয়াংশী দত্তই শ্রেষ্ঠ বলাৰ আৰু ফ্লৰিনা টায়েই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।