ডোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ১-২ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ ললিয়ানজুয়ালা ছাংটেই ৩৭ মিনিটত প্ৰথমটো গ’ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও কাটাৰৰ যোচেফ আয়মেনে ৭৩ মিনিটত গল দিবলৈ সমৰ্থ হয়। খেলৰ ৮৫ মিনিটত কাটাৰৰ আহমেদ আল ৰাৱীয়ে আন এটা গলেৰে কাটাৰৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ লগে লগে ভাৰতে এ এফ চি এছিয়ান কাপ ২০২৭ৰ বাবেও যোগ্যতা লাভৰ পৰা বঞ্চিত হৈছে।
Assamese | June 12, 2024 1:47 PM | Fifa 2024 | Football | Indian Footbal | SPORTS
ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দল ১-২ গ’লত পৰাস্ত