June 8, 2024 1:49 PM

views 60

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খে...

June 4, 2024 8:58 PM

views 69

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...

June 4, 2024 4:50 PM

views 67

উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 1, 2024 8:45 PM

views 75

টাইৱান এথলেটিকছ অ’পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ’ত ডি পি মনুৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অ'পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ৮১.৫৮ মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীন টাইপেইৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

June 1, 2024 1:32 PM

views 53

পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ

ভাৰতীয় বক্সাৰ নিশান্ত দেৱে আসন্ন পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। বেংককত চলি থকা পেৰিছ অলিম্পিকৰ যোগ্যতা নির্ণয়কাৰী প্ৰতিযোগিতাৰ পুৰুষৰ ৭১ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিশান্তে মলডোভাৰ ভাচিলে ছেব’টাৰীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰে। ছেমিফাইনেলত প্ৰৱেশ কৰি নিশান্তে প্রতিযোগিতাত পদক জয় নিশ্চিত কৰাৰ লগতে অলিম্পিকৰ টিকটো অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ভাৰতৰ প্ৰথম পুৰুষ বক্সাৰ হিচাপে নিশান্তে পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ইতিমধ্যে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক ব...

May 31, 2024 8:23 PM

views 52

ছিংগাপুৰ বেডমিণ্টন অ’পেন-২০২৪ ৰ মহিলাৰ ডাবলছত ছেমি ফাইনেলত প্ৰৱেশ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী

ভাৰতৰ শ্বালাৰ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অ'পেন-২০২৪ প্রতিযোগিতাৰ মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃষা আৰু গায়ত্ৰীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম চো ইয়ং আৰু কং হী য়ঙৰ যুটীটোক ১৮-২১, ২১-১৯, ২৪-২২ গেমত পৰাস্ত কৰে। প্ৰথমটো গেম ১৮-২১ত হৰাৰ পাছত ভাৰতীয় শ্বালাৰ যুটীটোৱে শক্তিশালী প্ৰদৰ্শনেৰে পৰৱৰ্তী দুয়োটা গেমতে জয়লাভ কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত তৃষা আৰু গায়ত্ৰী জাপানৰ নামি মাটছুয়া...

May 31, 2024 5:58 PM

views 82

ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই উইকেট ৰক্ষক বেটাৰ উমাক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিব কোঁৱৰে খেলুৱৈগৰাকীক শুভচ্ছো জনোৱাৰ লগতে ভৱিষ্যতে সহায় কৰি যাব বুলি প্ৰকাশ কৰে। উ...

May 30, 2024 1:50 PM

views 53

বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অংকুশিতা বড়োৰ

ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-১ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫- ০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতী চৌধাৰীয়েও মহিলাৰ ৬৬ কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে ৯২ কিলোগ্ৰামতকৈ...

May 30, 2024 12:54 PM

views 40

ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টনত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ পি ভি সিন্ধু

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি  সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লিনে জায়েৰ্ছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদাম্বি শ্রীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলচেন ১৩-২১, ২১–১৬, ১৩-২১ গেমত বিজয় সাব্যস্ত কৰে। এয়া হ'ল দুয়োগৰাকী খ...

May 30, 2024 12:59 PM

views 70

নৰৱেত অনুষ্ঠিত দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দা ক্লাছিকেল ইভেণ্টত মেগনাছ কাৰ্লচেনৰ বিৰুদ্ধে জয়ী

♦ নৰৱেত অনুষ্ঠিত এখন দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দাই ক্লাছিকেল ইভেণ্টত প্ৰথমবাৰৰ বাবে মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ১৮ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে নৰৱে দবা প্রতিযোগীতা ২০২৪ৰ তৃতীয় ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈগৰাকীক পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে প্রাগ্যনানন্দাই ৫.৫ পইণ্টেৰে প্ৰতিযোগীতাত অগ্রগতি লাভ কৰিছে।