May 30, 2024 12:59 PM

views 65

নৰৱেত অনুষ্ঠিত দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দা ক্লাছিকেল ইভেণ্টত মেগনাছ কাৰ্লচেনৰ বিৰুদ্ধে জয়ী

♦ নৰৱেত অনুষ্ঠিত এখন দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দাই ক্লাছিকেল ইভেণ্টত প্ৰথমবাৰৰ বাবে মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ১৮ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে নৰৱে দবা প্রতিযোগীতা ২০২৪ৰ তৃতীয় ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈগৰাকীক পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে প্রাগ্যনানন্দাই ৫.৫ পইণ্টেৰে প্ৰতিযোগীতাত অগ্রগতি লাভ কৰিছে।

May 28, 2024 4:12 PM

views 68

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী অৱতীৰ্ণ হ’ব

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী আজি নিজ নিজ সংগীৰ সৈতে পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেটিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছৰ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিৰুদ্ধে অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতা...

May 25, 2024 8:30 PM

views 59

বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰ

ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰে ৰিঅ’ডি জেনেৰিঅ’ত অনুষ্ঠিত বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মানুষ আৰু মানৱৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলৰ লুকাছ ৰোমানছকি আৰু ফেলিপে ডোটিৰ যুটীটো ৩-০ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে আজি সন্ধিয়া ছেমি ফাইনেলত ফ্ৰান্সৰ লিলিয়ান বাৰ্ডেৰ্ট আৰু জুলছ ৰোলাণ্ডৰ সন্মুখীন হ’ব। 

May 25, 2024 7:52 PM

views 64

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেল খেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ কুৰিসংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবামৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছেটত ১৩-২১ ব্যৱধানত পৰাজিত হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োটা ছেটত ২১-১৬ আৰু ২১-১২ ব্যৱধানত জয়লাভ কৰি চূড়ান্ত পৰ্য্যায়ত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত সিন্ধু চীনৰ ঝি য়ি ৱ...

May 25, 2024 6:36 PM

views 51

আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত দেৱব্ৰত ভৰালীৰ স্বৰ্ণ পদক লাভ

পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। ৭৩ কেজি শাখাত স্লেটছত ১৩৬ কেজি আৰু ক্লিন এণ্ড জাকত ১৬০ কেজি উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অর্জন কৰিছে। যুৱ ভাৰত্তোলকৰ দলটো মুখ্য প্ৰশিক্ষক ৰূপত অসমৰ অলকেশ বৰুৱাই নেতৃত্ব প্ৰদান কৰিছে।

May 25, 2024 5:50 PM

views 56

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত পৰাজিত হৈছিল।

May 25, 2024 5:46 PM

views 60

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক লাভ কৰিছে। ফাইনেলত জ্যোতি আৰু প্ৰিয়াংশৰ যুটীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিভিয়া ডীন আৰু ছয়াৰ ছুলিভানৰ হাতত পৰাস্ত হয়।

May 19, 2024 7:18 PM

views 62

বৰপেটাত জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এই প্রতিযোগিতাত আজি ৫টা শাখাত অনুষ্ঠিত হয়। বৰপেটাৰ লালবাহাদুৰ শাস্ত্রী পুথিভঁড়ালত ৭ বছৰ অনুৰ্ধ, ৯ বছৰ, ১১ বছৰ, ১৩ বছৰ আৰু ১৫ বছৰ অনুৰ্ধ্বৰ ল'ৰা-ছোৱালীৰ মাজত আজি এই প্রতিযোগিতাৰ আয়োজন কৰা হয়। আটাইকেইটা শাখাত জিলাখনৰ কমেও কুৰি গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰে। এই প্ৰতিযোগিতাৰ বিজয়ীসকলে গুৱাহাটীত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

May 11, 2024 4:47 PM

views 54

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ

ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। যোৱা বছৰৰ এছিয়ান ছেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী নিশাই আংঘেলক ৮-৪ পইণ্টত পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে ৫ গৰাকী মহিলা মল্ল যুঁজাৰুৱে অলিম্পিকৰ প্ৰতিযোতাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। অন্তিম পংঘল, বিন...

May 11, 2024 2:54 PM

views 47

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...