ভাৰতৰ ইউকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টিয়ে কালি জার্মানীত অনুষ্ঠিত ষ্টুটগার্ট অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাম্ব্ৰি আৰু অলিভেট্টিয়ে বৰ্তমানৰ উইম্বলডন চেম্পিয়ন আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছ আৰু যুক্তৰাষ্ট্ৰৰ নীল স্কুপস্কিৰ দ্বিতীয় স্থানৰ যুটিটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত-ফ্ৰান্সৰ যুটিটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ থিও আৰিবেজ আৰু ছাডিঅ’ ড’ম্বিয়াৰ মুখামুখি হ’ব।
Assamese | June 12, 2024 1:40 PM | SPORTS | yuki bhambri
ষ্টুটগার্ট অ’পেন টেনিছৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ উকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টি